Tuesday, February 14, 2012

সাগৰ সংগমত


  • সাগৰ সংগমত কতনা সাঁতৰিলো
    তথাপিটো হোৱা নাই ক্লান্ত….

    সাগৰ সংগমত… সাগৰ সংগমত…
    সাগৰ সংগমত কতনা সাঁতৰিলো
    তথাপিটো হোৱা নাই ক্লান্ত,
    তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ
    উৰ্মিমালাই অশান্ত,
    মনৰ প্ৰশান্ত সাগৰৰ বক্ষ
    জোৱাৰৰ নাই আজি অন্ত,
    অজস্ৰ লহৰে নৱ-নৱ গতিৰে
    আনি দিয়ে আশা-অফুৰন্ত,
    সাগৰ সংগমত….

    প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ
    শান্তি আজি আক্ৰান্ত,
    নৱ- নৱ সৃষ্টি দৈত্য-দানৱে কৰে
    নিষ্ঠুৰ আঘাত ও বিশ্ৰান্ত,
    সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ
    উৰ্মিমালাই অশান্ত,
    সাগৰ সংগমত….

    ধ্বংসৰ আঘাতক
    দিছে আজি সংঘাত
    সৃষ্টিৰ সেনানী অনন্ত,
    সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত
    প্ৰগতিৰ নতুন দিগন্ত,
    সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ
    উৰ্মিমালাই অশান্ত,
    সাগৰ সংগমত….

    গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে
    ধ্বংসক কৰে দিগ্ ভ্ৰান্ত,
    অগণন মানৱৰ শান্তিৰ সমদল
    সৃষ্টিকামী জীৱন্ত,
    সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ
    উৰ্মিমালাই অশান্ত,
    সাগৰ সংগমত….
    সাগৰ সংগমত কতনা সাঁতৰিলো
    তথাপিটো হোৱা নাই ক্লান্ত….

  • Sagar sangamat katana saturilo
    Tathapito hoanai klanta….

    Sagar sangamat .. sagar sangamat…
    Sagar sangamat katana saturilo
    Tathapito hoanai klanta….
    Tathapi manar mor prashanta sagarar
    Urmimalai ashanta,
    Manar prashanta sagarar bakhya
    Jowarar nai aji anta,
    Ajasra lahare nava nava gatire
    Ani diye asha aphuranta,
    Sagar sangamat….

    Prashant parare maha maha jibanar
    Shanti aji aakranta,
    Nava nava sristi daitya danabe kare
    Nisthur aghato bishranta,
    Seyehe manar mor prashanta sagarar
    Urmimalai ashanta,
    Sagar sangamat….

    Dhwansar aghatak
    Dise aji sanghat
    Sristir senani ananta,
    Sanghate ane mor prashanta sagarat
    Pragatir natun diganta,
    Seyehe manar mor prashanta sagarar
    Urmimalai ashanta,
    Sagar sangamat….

    Gabhir prashant sagarar shaktiye
    Dhwansak kare digbhranta,
    Aganan manabar shantir samadal
    Sristikami jibanta,
    Seyehe manar mor prashanta sagarar
    Urmimalai ashanta,
    Sagar sangamat….
    Sagar sangamat katana saturilo
    Tathapito hoanai klanta….

বুকু হম হম কৰে

  • বুকু হম হম কৰে মোৰ আই
    কোনে নিদ্ৰা হৰে মোৰ আই,
    পুত্ৰ হৈ মই কিমতে তৰো
    আই তোৰে হৈ মই মৰো,
    বুকু হম হম কৰে মোৰ আই…

    দেশৰে চন্দ্ৰমা…
    কাল এন্ধাৰে আৱৰে,
    অগনি কালিকা…
    দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে,
    বুকু হম হম কৰে মোৰ আই…

    বজ্ৰসমদৃঢ় আই চৌপাখৰে গড়,
    চৌপাখৰে গড় ভেদী
    কিঞ্চিতো নাই পথ…

    যাতিম সান্তনা
    আই মুক্তিৰ প্ৰভাতেৰে,
    থাপিম থাপনা
    আই শোনিত ত্যাগেৰে,
    বুকু হম হম কৰে মোৰ আই
    কোনে নিদ্ৰা হৰে মোৰ আই,
    পুত্ৰ হৈ মই কিমতে তৰো
    আই তোৰে হৈ মই মৰো,
    বুকু হম হম কৰে মোৰ আই…
  • Buku hom hom kare mor aai
    Kone nidra hare mor aai,
    Putra hoi moi ki mate taro
    Aai tore hoi moi maro,
    Buku hom hom kare mor aai..

    Desare chandrama…
    Kaal endhare aabare,
    Agani kalika…
    Dehar randhe randhe sare,
    Buku hom hom kare mor aai..

    Bajra sama driha aai chaopasare garh,
    Chaopasare garh bhedi
    Kinchito nai path…

    Jatim santana
    Aai muktir prabhatere,
    Thapim thapana
    Aai sonit tyaagere,
    Buku hom hom kare mor aai
    Kone nidra hare mor aai,
    Putra hoi moi ki mate taro
    Aai tore hoi moi maro,
    Buku hom hom kare mor aai..

মেঘে গিৰ্ গিৰ্ কৰে

  • মেঘে গিৰ্ গিৰ্ কৰে
    আহা হিৰ্ হিৰ্ মেঘে কৰে,
    মেঘে গিৰ্ গিৰ্ কৰে
    আহা হিৰ্ হিৰ্ মেঘে কৰে,
    মেঘে গিৰ্ গিৰ্ কৰে
    আহা হিৰ্ হিৰ্ মেঘে কৰে,
    বা লাগি আগলতী কলাপাত লৰে
    এজাক যেন বৰষুণ
    আহো আহো কৰে,
    মেঘে গিৰ্ গিৰ্ কৰে
    আহা হিৰ্ হিৰ্ মেঘে কৰে,
    মেঘে গিৰ্ গিৰ্ কৰে
    হিৰ্ হিৰ্ মেঘে কৰে….

    বহুদিনে চন পৰা
    মোৰ গাঁৱৰ মাটিডৰা
    চহ কৰি সেউজ কৰিম
    আনন্দে নধৰে,
    মেঘে গিৰ্ গিৰ্ কৰে
    আহা হিৰ্ হিৰ্ মেঘে কৰে,
    মেঘে গিৰ্ গিৰ্ কৰে
    আহা হিৰ্ হিৰ্ মেঘে কৰে….

    ধান নিদিওঁ ঋণো নলওঁ
    সুদ নিদিওঁ আৰু,
    ধান নিদিওঁ ঋণো নলওঁ
    সুদ নিদিওঁ আৰু,
    মহাজনৰ নিঠুৰ বুধি
    সহো কেলেই বাৰু,
    বহুতো যে ঘাম সৰালো
    তেজো বুকুৰ বহু দিলো
    কাঁচী খনত শান দিলো
    সাহস সৰি পৰে….

    মেঘে গিৰ্ গিৰ্ কৰে
    আহা হিৰ্ হিৰ্ মেঘে কৰে,
    মেঘে গিৰ্ গিৰ্ কৰে
    আহা হিৰ্ হিৰ্ মেঘে কৰে,
    এজাক যেন বৰষুণ
    আহো আহো কৰে,
    মেঘে গিৰ্ গিৰ্ কৰে
    আহা হিৰ্ হিৰ্ মেঘে কৰে,
    মেঘে গিৰ্ গিৰ্ কৰে
    হিৰ্ হিৰ্ মেঘে কৰে,
    আহা মেঘে গিৰ্ গিৰ্ কৰে
    আহা হিৰ্ হিৰ্ মেঘে কৰে….
  • Meghe gir gir kare
    Aaha hir hir meghe kare,
    Meghe gir gir kare
    Aaha hir hir meghe kare,
    Meghe gir gir kare
    Aaha hir hir meghe kare,
    Ba lagi aglati kalapaat lare
    Ejak jen barasun
    Aho aho kare,
    Meghe gir gir kare
    Aaha hir hir meghe kare,
    Meghe gir gir kare
    Hir hir meghe kare,

    Bahudine son para
    Mor gaonor mati dara
    Sah kari seuj karim
    Anande nadhare,
    Meghe gir gir kare
    Aaha hir hir meghe kare,
    Meghe gir gir kare
    Aaha hir hir meghe kare..,

    Dhan nideo rino nalao
    Sud nideo aru,
    Dhan nideo rino nalao
    Sud nideo aru,
    Mahajanar nithur budhi
    Saho kelei baru,
    Bahuto je gham saralo
    Tejo bukur bahu dilo
    Kachi khanat saan dilo
    Sahas sari pare….

    Meghe gir gir kare
    Aaha hir hir meghe kare..,
    Meghe gir gir kare
    Aaha hir hir meghe kare..,
    Ejak jen barasun
    Aho aho kare,
    Meghe gir gir kare
    Aaha hir hir meghe kare,
    Meghe gir gir kare
    Hir hir meghe kare..,
    Aaha meghe gir gir kare
    Aaha hir hir meghe kare,

বিস্তীৰ্ণ পাৰৰে

  • বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
    হাহাকাৰ শুনিও নিশব্দে নিৰৱে
    বুঢ়া লুইত তুমি
    বুঢ়া লুইত বোৱা কিয়,
    বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
    হাহাকাৰ শুনিও নিশব্দে নিৰৱে
    বুঢ়া লুইত তুমি
    বুঢ়া লুইত বোৱা কিয়….

    নৈতিকতাৰ স্খলন দেখিও
    মানৱতাৰ পতন দেখিও
    নিৰ্লজ্জ অলখভাৱে বোৱা কিয়….

    জ্ঞানবিহীন নিৰক্ষৰৰ
    খাদ্যবিহীন নাগৰিকৰ
    নেত্ৰীবিহীনতাত নিমাত কিয়,
    সহস্ৰ বাৰিষাৰ
    উন্মাদনাৰ অভিজ্ঞতাৰে
    পঙ্গু মানৱক সবল সংগ্ৰামী
    আৰু অগ্ৰগামী
    কৰি নোতোলা কিয়….

    ব্যক্তি যদি ব্যক্তি কেন্দ্ৰীক
    সমষ্টি যদি ব্যক্তিত্বৰ অহিত
    তেনে শিথিল সমাজক
    নাভাঙা কিয়,
    তুমিয়েই যদি ব্ৰক্ষ্মৰে পুত্ৰ
    সেই পিতৃত্ব তেনে নামমাত্ৰ
    নহ’লে প্ৰেৰণা নিদিয়া কিয়,
    উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে
    শৰশয্যাকে আলিংগন কৰা
    ভীষ্মৰূপী অজস্ৰ বীৰক
    জগাই নোতোলা কিয়….

    বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
    হাহাকাৰ শুনিও নিশব্দে নিৰৱে
    বুঢ়া লুইত তুমি
    বুঢ়া লুইত বোৱা কিয়,
    বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
    হাহাকাৰ শুনিও নিশব্দে নিৰৱে
    বুঢ়া লুইত তুমি
    বুঢ়া লুইত বোৱা কিয়….
  • Bistirna parare asankhya janare
    Hahakar sunio nishabde nirabe
    Burha luit tumi
    Burha luit boa kiyo,
    Bistirna parare asankhya janare
    Hahakar sunio nishabde nirabe
    Burha luit tumi
    Burha luit boa kiyo,

    Naitikatar skhalan dekheo
    Manabatar patan dekheo
    Nirlajja alash bhabe boa kiyo….

    Gyanbihin nirakharar
    Khadyabihin nagarikar
    Netritabihinatat nimat kiyo,
    Sahasra barisar
    Unmadanar abhigwatare
    Pangu manabak sabal sangrami
    Aru agragami
    Kari notola kiya….

    Byakti jadi byakti kendrik
    Samasti jadi byaktitar ahit
    Tene sithil samajak
    Nabhanga kiyo,
    Tumiyei jadi Brahmare putra
    Sei pitritwa tene naam matra
    Nahale prerana nidiya kiyo,
    Unmatta dharare kurukhetrare
    Sarasajyake alingan kara
    Bhismarupi ajasra beerak
    Jagai notola kiyo….

    Bistirna parare asankhya janare
    Hahakar sunio nishabde nirabe
    Burha luit tumi
    Burha luit boa kiyo,
    Bistirna parare asankhya janare
    Hahakar sunio nishabde nirabe
    Burha luit tumi
    Burha luit boa kiyo..

শীতৰে সেমেকা ৰাতি

  • শীতৰে সেমেকা ৰাতি
    শীতৰে সেমেকা ৰাতি,
    সেমেকা শীতৰে  ৰাতি
    শীতৰে সেমেকা ৰাতি,
    বস্ত্ৰবিহীন কোনো খেতিয়কৰ
    ভাগিপৰা পঁজাটিৰ তুঁহজুই একোৰাত
    উমি উমি জ্বলি থকা
    ৰক্তিম যেন এটি উত্তাপ হওঁ,
    ৰক্তিম যেন এটি উত্তাপ হওঁ
    ৰক্তিম যেন এটি উত্তাপ হওঁ….

    শীতৰে সেমেকা ৰাতি
    শীতৰে সেমেকা ৰাতি,
    সেমেকা সেমেকা ৰাতি
    শীতৰে সেমেকা ৰাতি,
    বস্ত্ৰবিহীন কোনো খেতিয়কৰ
    ভাগিপৰা পঁজাটিৰ তুঁহজুই একোৰাত
    উমি উমি জ্বলি থকা
    ৰক্তিম যেন এটি উত্তাপ হওঁ,
    ৰক্তিম যেন এটি উত্তাপ হওঁ
    ৰক্তিম যেন এটি উত্তাপ হওঁ,
    শীতৰে সেমেকা ৰাতি
    শীতৰে সেমেকা ৰাতি….

    শীতৰে সেমেকা ৰাতি
    খাদ্যবিহীন কোনো দিন মজুৰৰ
    খাদ্যবিহীন কোনো দিন মজুৰৰ,
    প্ৰাণতে লুকাই থকা ক্ষুধা অগনিত
    হথাতে থমকি উঠা প্ৰচন্দ যেন
    এটি প্ৰতাপ হওঁ,
    প্ৰতাপ হওঁ মই প্ৰতাপ হওঁ
    প্ৰচন্দ যেন এটি প্ৰতাপ হওঁ
    প্ৰচন্দ যেন এটি প্ৰতাপ হওঁ,
    শীতৰে সেমেকা ৰাতি
    শীতৰে সেমেকা ৰাতি….

    শীতৰে সেমেকা ৰাতি
    শীতৰে সেমেকা ৰাতি,
    সংখ্যালঘু কোনো সম্প্ৰদায়ৰ
    সংখ্যালঘু কোনো সম্প্ৰদায়ৰ,
    ভয়াৰ্ত মন্ত্ৰীৰ নুফুটা আৰ্তনাদ
    নিজেই প্ৰকাশ কৰি
    মিঠা যেন এটি নিৰাপত্তা হওঁ
    নিৰাপত্তা হওঁ…নিৰাপত্তা হওঁ…

    শীতৰে সেমেকা ৰাতি
    কণ্ঠৰূদ্ধ কোনো সুগায়কৰ
    কণ্ঠৰূদ্ধ কোনো সুগায়কৰ,
    প্ৰভাত আনিব পৰা অথচ নুগুৱা এটি
    অমৰ গীতৰ বাবে
    মই যেন এটি শুধাকণ্ঠ হওঁ
    শুধাকণ্ঠ হওঁ…শুধাকণ্ঠ হওঁ…
    মই যেন এটি শুধাকণ্ঠ হওঁ
    মই যেন এটি শুধাকণ্ঠ হওঁ;

    শীতৰে সেমেকা ৰাতি
    সেমেকা সেমেকা ৰাতি
    শীতৰে সেমেকা ৰাতি,
    বস্ত্ৰবিহীন কোনো খেতিয়কৰ
    ভাগিপৰা পঁজাটিৰ তুঁহজুই একোৰাত
    উমি উমি জ্বলি থকা
    ৰক্তিম যেন এটি উত্তাপ হওঁ
    ৰক্তিম যেন এটি উত্তাপ হওঁ
    প্ৰচন্দ যেন এটি প্ৰতাপ হওঁ
    মই যেন এটি নিৰাপত্তা হওঁ
    মই যেন এটি শুধাকণ্ঠ হওঁ
    শীতৰে সেমেকা ৰাতি
    শীতৰে সেমেকা ৰাতি….
  • Seetore semeka rati
    Seetore semeka rati
    Semeka seetore rati
    Seetore semeka rati
    Bastrabihin kono khetiyakar
    Bhagipara pajatir tuhjui ekurat
    Umi umi jwali thaka
    Raktim jen eti uttap haon,
    Raktim jen eti uttap haon
    Raktim jen eti uttap haon..

    Seetore semeka rati
    Seetore semeka rati
    Semeka seetore rati
    Seetore semeka rati
    Bastrabihin kono khetiyakar
    Bhagipara pajatir tuhjui ekurat
    Umi umi jwali thaka
    Raktim jen eti uttap haon,
    Raktim jen eti uttap haon
    Raktim jen eti uttap haon,
    Seetore semeka rati
    Seetore semeka rati..

    Seetore semeka rati
    Khadyabihin kono din majurar
    Khadyabihin kono din majurar,
    Pranate lukai thaka khudha aganir
    Hathake thamaki utha prachanda jen
    Eti pratap haon,
    Pratap haon moi pratap haon
    Prachanda jen eti pratap haon
    Prachanda jen eti pratap haon
    Seetore semeka rati
    Seetore semeka rati..

    Seetore semeka rati
    Seetore semeka rati,
    Sankhyalaghu kono sampradayar
    Sankhyalaghu kono sampradayar,
    Bhayarta mantrir nuphuta artanad
    Nijei prakash kari
    Mitha jen eti nirapatta haon
    Nirapatta haon…Nirapatta haon…

    Seetore semeka rati
    Kantharudha kono sugayakar
    Kantharudha kono sugayakar,
    Prabhat aniba para athasa nugoa eti
    Amar geetor babe
    Moi jen eti sudhakantha haon
    Sudhakantha haon…sudhakantha haon…
    Moi jen eti sudhakantha haon
    Moi jen eti sudhakantha haon;

    Seetore semeka rati
    Semeka semeka rati
    Seetore semeka rati
    Bastrabihin kono khetiyakar
    Bhagipara pajatir tuhjui ekurat
    Umi umi jwali thaka
    Raktim jen eti uttap haon,
    Raktim jen eti uttap haon
    Prachanda jen eti pratap haon
    Moi jen eti nirapatta haon
    Moi jen eti sudhakantha haon
    Seetore semeka rati
    Seetore semeka rati...

Sunday, February 12, 2012

চিৰযুগমীয়া ঢৌ তুলি

  • চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
    চিৰ নতুন পানচৈ উটি যায়,
    জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
    সময় নদীত পথ আঁকি আঁকি যায়,
    অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে
    আজি উৰে,
    চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি…

    অ’ অ’ অ’ মোৰ মন গীতিকাৰ
    চোৱাহি চোৱাহি হৃদয়
    বিলাই কোন যায়,
    জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
    পদুম সুৰৰ পানচৈ উটি যায়,
    অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে
    আজি উৰে,
    চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি…

    উজনি পানীতে মৰমী সোঁততে
    চিত্ৰলেখীয়ে চিৰসুন্দৰৰ
    শংখ কাপেৰে বুৰঞ্জী লিখে,
    অ’ অ’ অ’ মোৰ মন সুৰকাৰ
    গোৱাহি গোৱাহি
    সুৰৰ আজি সীমা নাই;

    চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
    নতুন সুৰৰ পানচৈ উটি যায়,
    জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
    সময় নদীত পথ আঁকি আঁকি যায়,
    অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে
    আজি উৰে,
    চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি…
    চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি…
  • Sira jugamiya dhou tuli dhou tuli
    Siro natun panchoi uti jai,
    Jilmiliya dhau tuli dhau tuli,
    Somoy nadit pon aki aki jai,
    Anu paramanu hoi kar ashare no ure
    Aji ure,
    Sira jugamiya dhou tuli dhou tuli

    O o o mor mon gitikar
    Soahi soahi hriday
    Bilai kon jai,
    Jilmiliya dhou tuli dhau tuli
    Padum suror panchoi uti jai,
    Anu paramanu hoi kar ashare no ure
    Aji ure,
    Sira jugamiya dhou tuli dhou tuli

    Ujani panite moromi sotote
    Chitralekhiye sira sundoror
    Shankha kapere buranji likhe,
    O o o mor mon gitikar
    Goahi goahi
    Suror aji seema nai;

    Sira jugamiya dhou tuli dhou tuli
    Siro natun panchoi uti jai,
    Jilmiliya dhau tuli dhau tuli,
    Somoy nadit pon aki aki jai,
    Anu paramanu hoi kar ashare no ure
    Aji ure,
    Sira jugamiya dhou tuli dhou tuli..
    Sira jugamiya dhou tuli dhou tuli..

ফুট গধূলিতে

  • ফুট গধূলিতে কপিলি খুতিত
    কোন গোৰ্খালি গাভৰুৰে
    গাইজনী হেৰায়,
    সেই গাইজনীনো কেনে
    তুলনাযে নাই
    হেনো সেই চাপৰিত
    তাইৰমান গাখীৰতী নাই
    কাঞ্চীয়ে ৰিঙিয়ায়
    অ’ বগী গাই
    অ’ লক্ষ্মী গাই
    হে তুমি দেখোন নাহিলে
    ব্যৱসায়ো নাই,
    সেই মিঠা মাতৰ চিঞঁৰে
    কপিলি কপায়,
    মিঠা মাতৰ চিঞঁৰে
    কপিলি কপায়,
    ফুট গধূলিতে কপিলি খুতিত
    কোন গোৰ্খালি গাভৰুৰে
    গাইজনী হেৰায়;

    ৰূপতীৰ্থযাত্ৰী এজন মাথোন আছে
    তাইৰ ৰূপতীৰ্থযাত্ৰী এজন মাথোন আছে,
    গাওঁ তাৰ ক্ষেত্ৰী
    সি নলবাহাদুৰ চেত্ৰী,
    গাওঁ তাৰ ক্ষেত্ৰী
    সি নলবাহাদুৰ চেত্ৰী,
    গাই বিচৰাৰ চলে
    মনৰ মৰম যাচে,
    গাই বিচৰাৰ চলে
    মনৰ মৰম যাচে,
    সেই মৰম দেখি কাঞ্চীজনী
    ৰঙা পৰি যায়,
    মৰম দেখি কাঞ্চীজনী
    ৰঙা পৰি যায়,
    ফুট গধূলিতে কপিলি খুতিত
    কোন গোৰ্খালি গাভৰুৰে
    গাইজনী হেৰায়;

    নলখাগৰিৰ মাজতে সি
    গাই বিছাৰি পালে,
    নলখাগৰিৰ মাজতে সি
    গাই বিছাৰি পালে,
    গাই বিছাৰি পাই তাইক
    গাইজনী দিলে,
    সেই গাইজনীয়েও আনন্দতে
    গো-ধূলি উৰায়,
    গাইজনীয়েও আনন্দতে
    গো-ধূলি উৰায়,
    ফুট গধূলিতে কপিলি খুতিত
    কোন গোৰ্খালি গাভৰুৰে
    গাইজনী হেৰায়;
    অ’ অ’ অ’….
  • Phut gadhulite kapili sutit
    Kon gorkhali gabharure
    Gaijani herai,
    Sei gaijanino kene
    Tulanaje nai
    Heno sei chaparit
    Tairman gakhirati nai..
    Kachiye ringiyai..
    O, bagi gai
    O, lakhsmi gai.
    He tumi dekhon nahile
    Byobasayo nai,
    Sei mitha mator chiyore
    Kapili kapai,
    Mitha mator chiyore
    Kapili kapai..,
    Phut gadhulite kapili sutit
    Kon gorkhali gabharure
    Gaijani herai,

    Ruptirthar jatri ejon mathon ase
    Tair ruptrithor jatri ejon mathon ase,
    Gaon taar khetri,
    Si Nolbahadur Chetri.,
    Gaon taar khetri,
    Si Nolbahadur Chetri.,
    Gai bisorar sole
    Monor morom jache,
    Gai bisorar sole
    Monor morom jache,
    Sei morom dekhi kanchijani
    Ranga pari jai,
    Morom dekhi kanchijani
    Ranga pari jai,
    Phut gadhulite kapili sutit
    Kon gorkhali gabharure
    Gaijani herai,

    Nalkhagorir majote si
    Gai bisari pale,
    Nalkhagorir majote si
    Gai bisari pale,
    gai bisari pai taik
    Gaijani dile,
    Sei gaijaniyeo anandate
    Go ghuli urai,
    Gaijaniyeo anandate
    Go-ghuli urai,
    Phut gadhulite kapili sutit
    Kon gorkhali gabharure
    Gaijani herai..
    O, o o..….